অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জীৱন জুৰি গীতেই গালোঁ




(জীৱন জুৰি গীতেই গালোঁ                 

প্ৰেৰণা স্মৃতিৰে ভাহে) ←২

(হাঁহিৰে গান শুনাব খোজোঁ) ←২

বেদনাৰ সুৰহে আহে..

জীৱন জুৰি গীতেই গালোঁ

প্ৰেৰণা স্মৃতিৰে ভাহে



......


(বিশেষজনৰ বাবে নহয়

হেজাৰ শ্ৰোতাৰ বাবে) ←২

হৃদয় লিপিত লিখা আছে যি ←২

গুপুতে নিজৰ বাবে ←২

হাঁহিৰে গান শুনাব খোজোঁ ←২

বেদনাৰ সুৰহে আহে...

জীৱন জুৰি গীতেই গালোঁ

বেদনা স্মৃতিৰে ভাহে


.....


(জীৱন জানো আশা নহয়

বিশেষ ক্ষণৰ বাবে) ←২

পথৰ মাজত যদি হেৰায়←২

এন্ধাৰে ঢাকি ধৰে←২

(হাঁহিৰে গান শুনাব খোজো←২

বেদনাৰ সুৰহে আহে

জীৱন জুৰি গীতেই গালোঁ

প্ৰেৰণা স্মৃতিৰে ভাহে)←২ ।।




(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দীপা  ডেকা)

No comments: