চৰাই চিকুন অ’লীলা ৰহিলা
তেলীয়া সাৰেং অ’লীলা ৰহিলা
মাছৰে চিকুন মালি লীলা ৰহিলা
আকৌ এদি আহিলা
আহিয়ে গলাগৈ
দিলা তামোল এখনি
খালা তামোল এখনি
লগালা লগালা ঐ মৰমৰ মাত
ল’ ল’ লতি তিল ল’ ল’ লতি তিল
লতি তিল লতি তিল ল’ল’ল’ল’ , ল’ল’ল’ল’
ইমাননো ধুনীয়াকৈ কোনে সৰজিলে
সোণ ৰূপৰ বৰণ কৰি
এ আমাক সৰজিলে কণাজন বিধাতাই
গোবৰ মাটি মিহলি কৰি
হে ধিনদাও কুৰুলিউ কোবাও
বিহু মাৰিবলৈ যাও
হে ধিনদাও কুৰুলিউ কোবাও
মথুৰা হাতলৈ যাও
ৰৈয়া পাতি দৈয়া চাৰিঙৰ বেঙেনা,
ভাতে ৰান্ধি খাই যাও
ৰৈয়া ৰৈ নাচিলে,
নাচনী নাচিলে ৰৈয়া ৰৈ
আই ঐ দেহি,
কলাফুলৰ গোটে দেখি
ৰাইজাই ৰাইজাই কৰে দেহি
তোমাকনো মই কাহানি পাম ?
কেচা মৰম, চেচা নৈ
মুখৰ মিথা এঠা দৈ
মিঠা মিঠা তিলৰ পিঠা
দেহাটি মোৰ সোণাই ঐ
অসমীৰে বিহুটি ঐ
বাপতিয়ে সাহোন ঐ
হায় ঐ বিহুটিনো আদৰৰ
বিহুটিনো সাদৰৰ
বিহুটিনো অসমৰ ধন
হায় ঐ এনুৱানো বিহুটি
এৰিবযে লাগিলে
নাথাকেনো অসমৰ মান
(ইউনিক'ডীয় ৰূপান্তৰ -দীপা ডেকা)
No comments:
Post a Comment