কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে কলে
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে কলে
মোৰ মন আকৌ হল থৌকি বাথৌ
বিহু মাৰিবলৈ
মোৰ মন আকৌ হল থৌকি বাথৌ
বিহু মাৰিবলৈ
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে কলে
ফাগুনৰ পচোৱাই মন উতলায়
পলাশৰে ৰঙা ৰঙে মনটি ৰঙায়
ঢোলৰ মাতে শুনি কোনোবা চেনাইৰ
কেঁচা টোপনি সঘনে ভাগি যায়
এ হেৰ ককাই, ঐ ৰাংঢালী বাই
হেৰ ককাই, ঐ ৰাংঢালী বাই
হাতত হাতে মিলাই বিহু মাৰোগৈ
হাতত হাতে মিলাই বিহু মাৰোগৈ
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে কলে
নানা জাতি আৰু উপজাতি
এইখন মৰমী আই অসমী
মনৰ য্ত ভেদাভেদ পাহৰি
সোণৰ অসমখনি গঢ়িম আমি
অ বিহুৱা ৰাইজ, অ দেশৰে ৰাইজ
অ বিহুৱা ৰাইজ, অ দেশৰে ৰাইজ
হে বিহুৰে তলিত আজি শপতে লৈ
হে বিহুৰে তলিত আজি শপতে লৈ
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে কলে
মোৰ মন আকৌ হল থৌকি বাথৌ
বিহু মাৰিবলৈ
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে কলে
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে কলে
(ইউনিক’ডীয় ৰূপান্তৰ-অৰুন্ধতী তালুকদাৰ)
No comments:
Post a Comment