অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জীৱনটোৰে কান্দোনখিনি খিনি নিজেই সাঁচি থলো





জীৱনটোৰে কান্দোনখিনি খিনি নিজেই সাঁচি ললো

জীৱনটোৰে কান্দোনখিনি খিনি নিজেই সাঁচি ললো

জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলো       

শ্ৰোতা বন্ধু তুমিও অকন লোৱা

জীৱনটোৰে কান্দোনখিনি খিনি নিজেই সাঁচি ললো


.....


হাঁহিখিনি পাবৰ বাবে বহুতো কান্দিলো

মাজে মাজে কান্দি কান্দি

নিজেই হাঁহিলো

বহুত কান্দোন অলপ হাঁহিৰ

এয়েই জীৱন মেলা

এই জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলো

শ্ৰোতা বন্ধু তুমিও অকন লোৱা

জীৱনটোৰে কান্দোনখিনি খিনি নিজেই সাঁচি ললো


.....


বন্ধু তুমি হয়তো পালা

মাথো অবহেলা             

সেয়ে মোৰো অলপ হাঁহিৰ

অংশ তুমিও পালা

বন্ধু তুমি হয়তো পালা

মাথো অবহেলা

সেয়ে মোৰো অলপ হাঁহিৰ      

অংশ তুমিও পালা


হেজাৰ মুখত সুখৰ হাঁহিৰ সপোন দেখিলো

হেজাৰ জনৰ বেজাৰ দেখি প্ৰতিজ্ঞা কৰিলো



অলপ কান্দোন বহুত হাঁহিৰ              

পাতিম ম‍ইও খেলা

সেয়ে জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলো


শ্ৰোতা বন্ধু তুমিও অকন লোৱা

জীৱনটোৰে কান্দোনখিনি খিনি নিজেই সাঁচি ললো


জীৱনটোৰে কান্দোনখিনি খিনি নিজেই সাঁচি ললো





(ইউনিক'ডীয় ৰূপান্তৰ - দীপা  ডেকা)

No comments: