অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

চিনাকি মোৰ মনৰ মানুহ




চিনাকি--

চিনাকি মোৰ মনৰ মানুহ

তোমাৰ বাবেই জনম লভিছোঁ।

তোমাৰ ঘাটৰ বিপৰীতে 

নাওখনো মোৰ বান্ধিছোঁ;

তুমি চিনিছাঁনে নাই, মই নেজানিলোঁ



কথা: নেজানিলোঁ



গধূলি প্ৰহৰ দেখোঁ অতি সেমেকা

জীৱনটৌ হ'ল কিবা পানী-মেটেকা

তুমি দেখিছাঁনে নাই মই নেজনিলোঁ।

চিনাকি মোৰ মনৰ মানুহ,  

তোমাৰ বাবেই জনম লভিছোঁ।



মণি বুলি কালসাপ ডিঙীতে পিন্ধিলোঁ

হুলকেই ফুল বুলি খোপাতে গুজিলোঁ

তুমি দেখিছানে নাই মই নাজানিলোঁ

চিনাকি মোৰ মনৰ মানুহ

তোমাৰ বাবেই জনম লভিছোঁ।



তুমি আছাঁ সিটো পাৰে ইপাৰেযে মই

দুয়োৰে মাজতে বয় সোঁৱৰণী নৈ

সাঁকো দেখিছাঁনে নাই,  

সাঁকো দেখিছাঁনে নাই,  

সাঁকো দেখিছাঁনে নাই,

মই নেজানিলোঁ।



চিনাকি মোৰ মনৰ মানুহ

তোমাৰ বাবেই জনম লভিছৌঁ

তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ

তুমি চিনিছাঁনে নাই,  

মই নেজানিলোঁ

কথা: নেজানিলোঁ।






(ইউনিক'ডীয় ৰূপান্তৰ -উদ্দীপ তালুকদাৰ)

No comments: