অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

চৰাইপুঙৰ কপৌ চৰাই




চৰাইপুঙৰ কপৌ চৰাই

জাকে জাকে উৰে।

নতুন নতুন মনৰ মানুহ

নতুন ৰূপ ধৰে।।



জিগিজা গিজাও জিগিজা গিজাওঁ

ৰঙা জবা ফুল

কেঁচা তেজ বিচাৰি

কোন বিয়াকুল।।



দুই ম'হৰ যুঁজত আজি

বিৰিণা বন মৰে

এই বিৰিণাৰ কান্দোনক

কোনে উলাই কৰে?



সেউজ পথাৰত সেউজ সেউজ

সোণ পৰি ৰয়

মনৰ মাজত অবুজ সেউজ

প্ৰেমৰ খেতি হয়-



আকাশ সীমাৰ ন-শান্তিৰ

প্ৰতিজ্ঞা সোণালী

জোন সূৰুযৰ আৰতি হয়

পুৱা গধূলি।।





(ইউনিক'ডীয় ৰূপান্তৰ -উদ্দীপ তালুকদাৰ)


No comments: