অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

চেনেহীৰ ফটা ৰিহা




ডেকা :        চেনেহীৰ ফটা ৰিহা

                   ফুলে জকে মকি

উৰি যায় বতাহৰ আগত

---বোলো আগত


গাভৰু:       নেখাই চাৰিসাঁজো থাকিব পাৰো ম‍ই

বহাগৰ বিহুৰে লগত এ


ডেকা:         শশী মিলনদৈ জালুক গুটি পিপলদৈ

কেৰাচিন নহলে চাকিটি নজ্বলে

তথাপি গাত না‍ই তত


গাভৰু:       ঔ ৰে গছতে মৌএ বাহে ললে   

ম‍ই নবগালো গছত এ বোলো গছত

ডেকা:         গছৰ মৌ নেপাৰি মৌ বিছাৰিলো

চেনেহীৰ মিঠাকৈ ওঠত এ

জেতুকা বুলীয়া তাই কুমলীয়া

পকা সুমথিৰা, গোন্ধাই বিৰাজৰা

চাকি খাম ভাতৰে লগত


গাভৰু:       আগলি বাঁহৰে লাহৰি গগনা

বাজিছিল দুৰণিৰ বনত এ বোলো বনত


দুয়ো:          দুয়োৰে মৰমত, দুয়ো বান্ধে খালো

যোৱাটো বছৰৰ চতত এ

ডেকা:         বহাগ, জেঠ, আহাৰ, শাওন, ভাদ আহিন

কাতি, আঘোন আকৌ আহি পৰিল তাত


ডেকা:         এতিয়া টকা নাই সিকা নাই

বিহুৱানৰ সূতা নাই

ধানো গল যোৱাটো বানত--- বোলো বানত

ম‍ইও চেনেহীয়ে মৰমত বাচিছোঁ

এনেকুৱা নিৰাশাৰ কালত এ

দুখৰে ইলাই দুখৰ বিলাই

ফুলচতি লগাই লৈ বৰঘৰ সাজিলো

খেৰ নাইকিয়া চালত


গাভৰু:       কুহিয়াঁৰ পেৰাদি আমাক যি পেৰিছে

চান কঢ়া ধানৰে বলত এ বোলো বলত


ডেকা:         বিহুতো যাওকগৈ সিহতক চাই লম

খাই ললো আজিয়ে শপতে

হেৰি ডাঙৰীয়া, বতৰ ডাৱৰীয়া

টিনপাত টিঙিৰি, জুই পৰে উফৰি

কাইলৈ পৰিবা ফান্দত




(ইউনিক'ডীয় ৰূপান্তৰ -দীপা  ডেকা)

No comments: