অনুসন্ধান আকাংক্ষাত

Sunday, September 2, 2012

কথাৰে নহয় বন্ধু, কামত পৰিচয়




কথাৰে নহয় বন্ধু

কামত পৰিচয় |

কথাৰে নহয় বন্ধু

কামত পৰিচয় |

জীৱন যুঁজত আছে সদা

জয়-পৰাজয় |

কথাৰে নহয় বন্ধু

কামত পৰিচয় |



এই পৃথিৱীৰ ৰূপে-ৰসে

ৰিঙিয়াই মাতে

মানুহে মানুহে য

মনৰ কথা পাতে |

এই মানুহৰ চৰণ ধুলি

হাতৰ সমল হয় |

কথাৰে নহয় বন্ধু

কামত পৰিচয় |



হিংসা-দ্বেষৰ ৰঘুমলাই

কি কৰিব পাৰে ?

জুয়ে পোৰা সোণ হৈ বোলে

উচ্ছল ৰূপ ধৰে |

হহাঁ-কন্দাৰ মেলাতে

যাৰ নিত্য অবাধ গতি,

সেই গতিৰে গতিপথত

সুন্দৰৰে জ্যোতি |

সেয়ে তাৰ জীৱন পথ

চিৰ জ্যোতিষ্ময় |




কথাৰে নহয় বন্ধু

কামত পৰিচয় |

জীৱ্ন যুঁজত আছে সদা

জয়-পৰাজয় |



কথাৰে নহয় বন্ধু

কামত পৰিচয় |



কথা:                   পুৰোষোত্তম দাস , সুৰ: মুকুল বৰুৱা
শ্ৰাব্য এলবাম:        মোৰ গীত
(মিউজিক মেকাৰ্চ, ফাঁচি বজাৰ, গুৱাহাটী)
(ইউনিকডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)

No comments: