অনুসন্ধান আকাংক্ষাত

Friday, April 30, 2021

শুনা শুনা এই গান শুনা

 কণ্ঠঃ নমিতা ভট্টাচার্য্য

কথাঃ কেশৱ মহন্ত

সংগীতঃ ৰমেন বৰুৱা

বোলছৱিঃ মানসী


শুনা শুনা এই গান শুনা

ফুলে ফুলে মৌ গুণগুণাই শুনা

গুণগুণায়... 

শুনা শুনা এই গান শুনা। 


বা লাগি হালে জালে

ছাঁ পৰি থমকিলে

গছে পাতে ডালে ডালে

নাচে মন তালে তালে

উলাহতে আকোঁৱালে

উলহ মালহ লাগি যায়

বনে বনে সৌ ফুল ফুলায় চোৱা

ফুলফুলায়... 


মনৰ গজিলে পাখি

কোনেনো ধৰিব ৰাখি

জিৰাব নাজানে সি যে

স্বপ্ন ৰচে নিজে নিজে

আপোনাৰ সপোনতে

আপোন পাহৰি যায়

মনে মনেনো কাক বিলায় বাৰু

কাক বিলায়... । ।

-

ইউনিক'ড ৰূপান্তৰঃ অনামিকা বৰা